Assamese sad and heart touching poem- maa muk loi juwahi

13 Dec 2017 04:05 35
21,671
243 6

কথা- স্বপ্ননীল সূৰ্য্য গগৈ

আবৃত্তি- মুকুল চেতিয়া

*মা মোক লৈ যোৱাহি*

_________///________

মা,
তুমিয়েটো মোৰ জীৱন হয়
আঠটা বছৰে মোক লালন কৰিলা
দেউতাৰ মুখচোন আজিলৈকে নেদেখিলোঁ
হলেও দেউতা নথকাৰ অনুভৱ নাপালো।
তোমাক সদায় মোৰ কাষত বিচাৰোঁ মা,
তুমি কিয় অনবৰতে বিচনাতে পৰি থাকা !!
আইতাই কৈছে "তোমাৰ বুলে টান নৰিয়া"
মোৰ তোমাৰ সৈতে খেলিব মন যায় মা
উঠানা মা... অলপ খেলোগৈ....
দুয়ো হালধীয়া সৰিয়হ ডৰাৰ পখিলা ধৰোগৈ।

আজি আমাৰ ঘৰত বহুত মানুহ মা
তোমাকো দেখোন বগা কাপোৰৰ মাজত
শুৱাই থৈছে।
আইতাই মোক কোলাত লৈ কৈছে,
"তোৰ মা আৰু নাই"
.... মই কন্দা নাই মা
চোৱা আইতাও কন্দা নাই
মাথোঁ মোক সাৱটি একো মাত মাতিব পৰা নাই।

মামাৰ কথামতে, দুহাতে জোৰ ধৰি
তোমাৰ চিতাত মুখাগ্নি কৰিলোঁ।
জুইকোৰা দেখোন বৰ ৰঙাকৈ জ্বলিছে মা
তোমাৰ চিতাত শুবলৈ কষ্ট হৈছে নেকি.?

আজি তিনিদিনে হল মা
আইতাই মোক একো খাবলৈ নিদিয়া
আইতাই কৈছে, "এয়া নিয়ম"
এই তিনিদিন তই একো খাব নোৱাৰ'
........ মায়ে তোক জনম দিলে
ইমান কষ্ট কৰি ডাঙৰ কৰিলে
সেয়ে মাৰ কাৰণে এইকেদিন একো নাখাবি।
আইতাই যে আজি কান্দিছে মা
... মোক সাৱটি বহুত কান্দিছে।

অ... মা তুমিনো মোক এৰি কিয় গলাগৈ..?
মোলৈ এবাৰো মনত নপৰে নে তোমাৰ.?
তোমাৰ মৃত্যুৰ পাছত কিদৰে জীয়াই আছোঁ।

আজি দহ দিনে হল মা
মোক আইতাই সন্ধিয়া
এবাৰহে ভাত খাবলৈ দিয়ে
মা... মোৰ কিন্তু এবাৰ ভাত খালে
ভোক অকণো নুগুছে....
তেতিয়া তোমালৈ ইমান মনত পৰে।
আহানা মা... অ... মা....
যদি পাৰা উভতি আহা
……তোমাৰ দুষ্ট লৰাটো
বহুত ভাল হল এতিয়া।

তুমি সৌ আকাশত
তৰাৰ সতে আছানে.?
জোনবাইৰ সৈতে মা..
আকাশৰ পৰা তুমি বাৰু মোক দেখানে.?

মা.. আজি বুলে তোমাৰ শ্ৰাদ্ধ,... সেয়ে
মামাই ধৰি মোৰ চুলিবোৰ খুড়াই দিলে
মই যে ইমান কান্দিলো।
আইতাই কৈছে, "এয়া বুলে নিয়ম"
অ... মা তুমি কত আছানো..?
মোক লৈ যোৱাহি না মা
আজি তোমাক চাবলৈ বৰকৈ মন গৈছে।
মোকো তোমাৰ ওচৰলৈ লৈ যোৱাহি না মা।
লৈ যোৱাহি.... লৈ যোৱাহি.... মা।
_______________________________

Related of "Assamese sad and heart touching poem- maa muk loi juwahi"